‘প্ৰজ্ঞাৰ সাধনা ’ শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন
Nalbari, Assam:স্বামী বিবেকানন্দৰ আদৰ্শৰে অনুপ্ৰাণিত বিশ্বৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস ঘৰতে জ্ঞানৰ সাধনাৰ যোগ্য। নলবাৰী নগৰ শাখাৰ উদ্যোগত এই বঁটা প্ৰদান অনুষ্ঠান। উচ্চতৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী আৰু নলবাৰী সমাজ জীৱনলৈ অৰিহণা যোগোৱা ব্যক্তিক এই বঁটা প্ৰদান কৰা হয়।
हमें फेसबुक पर लाइक करें, ट्विटर पर फॉलो और यूट्यूब पर सब्सक्राइब्ड करें ताकि आप ताजा खबरें और लाइव अपडेट्स प्राप्त कर सकें| और यदि आप विस्तार से पढ़ना चाहते हैं तो https://pinewz.com/hindi से जुड़े और पाए अपने इलाके की हर छोटी सी छोटी खबर|
কাজিৰঙাত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত পহু
No.2 Sildubi, Assam:কাজিৰঙাত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত পহু বানৰ পাছত কাৰ্বি পাহাৰৰ পৰা কাজিৰঙা অভিমুখী সুগৰী পহুটোক খুন্দিয়াই পলায়ন ট্ৰাকৰ কাজিৰঙাৰ বচাগাওঁত হোৱা এই দুৰ্ঘটনাত পৰবৰ্তী সময়ত বন বিভাগ উপস্থিত হৈ মৰণোত্তৰ বাবে প্ৰেৰন কৰে পহুটোৰ মৃতদেহ ৷নলবাৰী সদৰৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ কংগ্ৰেছত যোগদান
Nalbari, Assam:নলবাৰী সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিলে। দুই দশকৰো অধিক কাল বিজেপিৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ থকা শৰ্মাই পদ্ম এৰি গান্ধী টুপী পিন্ধিলে। কংগ্ৰেছত যোগদান কৰি তেওঁ মন্তব্য কৰিলে যে হিমন্ত বিশ্ব শৰ্মা মিছলীয়া আৰু বিজেপিয়ে ভয়-প্ৰলোভনৰ ৰাজনীতি কৰিছে। অশোক শৰ্মাক আদৰণি জনাই প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই ক'লে যে কংগ্ৰেছত সকলোকে সমান চকুৰে চোৱা হয় আৰু পুৰণিক মৰ্যাদা দিয়া হয়।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক মুখ্যমন্ত্ৰীৰ ২০খন ৰাবাৰ নাও অৰ্পণ
No.2 Sildubi, Assam:আজি মুখ্যমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক আনুষ্ঠানিকভাৱে ২০খন ৰাবাৰ নাও অৰ্পণ কৰে। বাগৰি বনাঞ্চলত অনুষ্ঠিত কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে কয় যে এই নাওবোৰে বানৰ সময়ত যথেষ্ট সহায় কৰিব। প্ৰায় এঘণ্টাৰ ভিতৰত বিশ্বনাথ পাব পৰা এই শক্তিশালী নাওবোৰে বানদুৰ্গত বন্যপ্ৰাণী উদ্ধাৰতো সহায় কৰিব। তেওঁ লগতে উল্লেখ কৰে যে বিগত বানত স্থানীয় লোক, বন বিভাগ আৰু প্ৰশাসনৰ বিশেষ প্ৰচেষ্টাৰ বাবে পথ দুৰ্ঘটনাত বন্যজন্তুৰ মৃত্যুৰ সংখ্যা অতি কম আছিল।
স্বাধীনতাৰ ৭৭ বছৰৰ পাছতো বিদ্যুৎহীন কাজিৰঙাৰ শিলডুবি গাঁও
No.2 Sildubi, Assam:স্বাধীনতাৰ ৭৭ বছৰৰ পাছতো কাজিৰঙাৰ এখন গাঁও পৰাধীন। বোকাখাত সমষ্টিৰ পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ ১ নং শিলডুবিত আজিও বিদ্যুৎ সংযোগ নাই। পৰ্যটনৰ সময়ত দেশী-বিদেশী পৰ্যটকেৰে মুখৰিত গাঁওখনৰ প্ৰায় ৫০টা পৰিয়াল বিদ্যুতৰ পৰা বঞ্চিত। পৰ্যটক আহিলে গাঁওবাসীয়ে লাজ পায়। ছাত্ৰ-ছাত্ৰীসকলে মমবাতিৰ পোহৰত অধ্যয়ন কৰে। উদ্যানৰ কাষৰীয়া অঞ্চলত সন্ধ্যাৰ পৰা বন্যজীৱৰ আহ-যাহ আৰম্ভ হয়। বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাক বাৰম্বাৰ আবেদন কৰিও ৰাইজে কোনো সুফল নাপালে।
ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চাৰ উদ্যোগত ৰাষ্ট্ৰীয় হস্ত তাতশিল্প দিৱস পালন
Nalbari, Assam:নলবাৰী জিলাত ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা মহিলা মৰ্চাৰ উদ্যোগত আৰু মণ্ডল মহিলা মৰ্চাৰ সহযোগত ৰাষ্ট্ৰীয় হস্ততাত শিল্প দিৱস পালন কৰা হয়। কাৰ্যক্ৰমত মহিলা গ্ৰাম্য সংগঠক সকলে জিলা পুথিভৰাল বাকৰিত হস্তকৃত কাপোৰৰ বিপণি আৰম্ভ কৰে।
বাক্সাৰ বৰমাত বিধায়কৰ ঘৰত গুলীচালনাৰ সন্দেহ: ভূপেন বড়োৰ প্ৰতিক্ৰিয়া
Barama, Assam:বাক্সাৰ বৰমাত বিধায়ক ভূপেন বড়োৰ ঘৰত যোৱা নিশা গুলীচালনাৰ সন্দেহজনক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। এই ঘটনাক লৈ বিধায়কগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বৰমাত উপস্থিত হৈ তেওঁ সাংবাদিকৰ আগত মন্তব্য কৰে যে এই ধৰণৰ ঘটনাই স্থানীয় জনসাধাৰণৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। তেওঁ আৰক্ষীক ঘটনাটোৰ সবিশেষ তদন্ত কৰি দোষীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। বিধায়কগৰাকীয়ে লগতে কয় যে এনে ঘটনাই অঞ্চলটোৰ শান্তি-শৃংখলা বিঘ্নিত কৰাৰ প্ৰয়াস কৰিছে আৰু ইয়াৰ বিৰুদ্ধে সকলোৱে সজাগ হ'ব লাগিব।
উত্তপ্ত গৰমৰ পৰা পৰিত্ৰাণৰ বাবে আহক কাজিৰঙালৈ
Kaziranga, Assam:উত্তপ্ত গৰমে সকলোকে পীড়িত কৰিছে। গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনিও আহক কাজিৰঙালৈ। কাজিৰঙা-কাৰ্বি আংলং সীমান্তৰ হাতীপাথৰৰ নয়নাভিৰাম পৰিৱেশে আপ্লুত কৰিব আপোনাক। কাৰ্বি পাহাৰৰ পৰা নামি অহা কহঁৰা নদীৰ মাজে মাজে থকা শিলাখণ্ড আৰু নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যই বহুজনক মুগ্ধ কৰিছে। গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি শীতল ঠাইলৈ যোৱাৰ বিপৰীতে আপুনিও আহিব পাৰে কাজিৰঙাৰ এই শোভা উপভোগ কৰিবলৈ। স্থানীয় লোকৰ মতে ঠাইখিনিৰ সৌন্দৰ্য্যবৃদ্ধি কৰিলে কাজিৰঙালৈ অহা পৰ্যটকৰ বাবে এই স্থানটো আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিব।
ধুবুৰী জিলাৰ শালকোচাত বিলাসী বলেৰো বাহন সহ দুটা চোৰাং গৰু জব্দ
Bahalpur, Assam:এইবাৰ বিলাসী বাহনেৰে চোৰাং গৰু সৰবৰাহৰ ন-ন কৌশল সৰবৰাহকাৰীৰ।চাপৰৰ শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত সন্তোষপুৰত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে এখন বিলাসী বলেৰো বাহন সহ দুটা চোৰাং গৰু।এক গোপন সূত্ৰৰ পমখেদি শালকোচা আৰক্ষীয়ে নিশা চলাই এই অভিযান।আৰক্ষী অহাৰ উমান পাই বিলাসী বলেৰো বাহন আৰু চোৰাং গৰু এৰি পলায়ন সৰবৰাহকাৰীৰ।জব্দকৃত বাহনখনৰ নম্বৰ হৈছে AS 01 AN 5253।ঘটনা সন্দৰ্ভত শালকোচা আৰক্ষীৰ তদন্ত অব্যাহত।কৰিমগঞ্জৰ যুৱকৰ সাহসিক চাইকেল যাত্ৰা: নলবাৰীত বিৰতি
Barkura, Assam:নলবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক অভিনৱ দৃশ্য দেখা গ'ল। কৰিমগঞ্জৰ এগৰাকী সাহসী যুৱকে বহি:ৰাজ্যৰ পৱিত্ৰ ধৰ্মীয় স্থানলৈ চাইকেলেৰে যাত্ৰা কৰি আহিছে। হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰিও তেওঁ ভাগৰি পৰা নাই। নলবাৰীত বিৰতি লৈ তেওঁ বিভিন্ন লোকৰ সৈতে কথা পাতিলে। এই দীঘল যাত্ৰাই যুৱকজনৰ সাহস আৰু সংকল্পৰ পৰিচয় দিয়ে। তেওঁৰ এই অভিযানে স্থানীয় লোকসকলৰ মাজত আগ্ৰহ সৃষ্টি কৰিছে। যুৱকজনৰ এই সাহসিক পদক্ষেপে অন্য যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰিব পাৰে।
টিংখাংৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভ্ৰমণ: প্ৰকৃতি সুৰক্ষাৰ বাৰ্তা
Kohora, Assam:Growth from Grassroots ন্যাস আৰু বিধায়কৰ শৈক্ষিক উপদেষ্টা সমিতিৰ উদ্যোগত টিংখাং বিধান সভা সমষ্টিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গ্ৰীষ্মকালীন বন্ধত "অম্বেষণ" নামৰ শৈক্ষিক কৰ্মসূচী অনুষ্ঠিত হয়। কেবিনেট মন্ত্ৰী তথা টিংখাং সমষ্টিৰ বিধায়ক বিমল বড়াৰ পৃষ্ঠপোষকতাত এই কাৰ্যসূচী আয়োজন কৰা হয়। কৰ্মসূচীৰ অংশ হিচাপে শিক্ষাৰ্থীসকলে টিংখাংৰ পৰা গুৱাহাটীলৈ শিক্ষামূলক ভ্ৰমণ কৰে। দেওবাৰে কাজিৰঙাত উপস্থিত হৈ তেওঁলোকে প্ৰকৃতি সুৰক্ষাৰ শ্লগান দিয়া পৰিলক্ষিত হয়।
নিৰ্বাচনী প্ৰতিশ্ৰুতিতে সীমাবদ্ধ থাকিল দুবাৰকৈ উদ্ধোধন কৰা বৃহৎ কাজিৰঙা পানী যোগান আঁচনি
No.2 Sildubi, Assam:নিৰ্বাচনী প্ৰতিশ্ৰুতিতে সীমাবদ্ধ থাকিল দুবাৰকৈ উদ্ধোধন কৰা বৃহৎ কাজিৰঙা পানী যোগান আঁচনি৷উৎকত গৰমৰ এই সময়ছোৱাত এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগিয়া হোৱা অঞ্চলটোৰ অধিকাংশ লোকে ব্যৱহাৰ কৰিব লগিয়া হৈছে নদীৰ পানী ৷যাৰ পৰিপেক্ষিতত হাতে হাতে বাল্টি-কলহ লৈ প্ৰকল্পটোৰ চৌপাশত প্ৰতিবাদ সাব্যস্ত গাওঁৰ লোকসকলৰ ।প্ৰদৰ্শনীৰ বিপৰীতে প্ৰকল্পটো ভাঙি লৈ যোৱাৰ আহ্বান ভুক্তভোগী ৰাইজৰ
থানপাতকুছি সঠাজানে জলাবদ্ধতা: কৃষকৰ ক্ষতি
Niz-Barigog, Assam:থানপাতকুছি সঠাজানত জলাবদ্ধতা সৃষ্টি হৈছে, প্ৰায় ৩০ খন গাঁওৰ কৃষিভূমি পানীৰ তলত। ধুৰকুছিৰ ভগ্ন কাঠৰ দলং আৰু কালভাটৰ বাবে পানী বেরোনোৰ স্থান নোপোৱা হৈছে। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহচক্ৰৰ অন্তৰ্গত এলেকাত মুৰে কপালে হাত দিব লগা হৈছে কৃষকসকলক। পানী আবদ্ধ হৈ বহু গ্ৰাম ক্ষতিগ্ৰস্ত হৈছে। স্থানীয় ৰাইজে সমস্যাৰ সমাধানৰ বাবে চেষ্টা কৰি আছে।
গুৱাহাটীত ভাৰতীয় শিক্ষন মণ্ডলৰ গুৰুপূৰ্ণিমা উত্সব উদযাপন
Guwahati, Assam:২৮ জুলাই ২০২৪ ৰবিবাৰে গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ত ভাৰতীয় শিক্ষণ মণ্ডল উত্তৰ অসম প্ৰান্তৰ উদ্যোগত গুৰুপূৰ্ণিমা উত্সব অনুষ্ঠিত হয়। অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ অধ্যাপক ডঃ জয়ন্ত শৰ্মা শাস্ত্ৰীৰ বিশেষ বক্তৃতা। শ্ৰীযুত নীল মোহন ৰায়দেৱে সভাপতিত্ব কৰা এই অনুষ্ঠানৰ সঞ্চালনা কৰে ভাৰতীয় শিক্ষণ মণ্ডল উত্তৰ অসম প্ৰান্তৰ সচিব শ্ৰী দীপক কুমাৰ শৰ্মাই। এই মনোজ্ঞ অনুষ্ঠানে গুৰু-শিষ্য পৰম্পৰাৰ মহত্ব তথা শিক্ষাৰ ক্ষেত্ৰত গুৰুৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে।
পশ্চিম নলবাৰীৰ সাহপুৰ ৰাজঘাটত শ্ৰী শ্ৰী মনসা পূজাত ভক্তৰ সমাগম
Ghilazari, Assam:নলবাৰী জিলাৰ সাহপুৰ ৰাজঘাটত নাগ পঞ্চমী উপলক্ষে তিনিদিনীয়া শ্ৰী শ্ৰী মনসা পূজা অনুষ্ঠিত হৈছে। ২০০১ চনৰ পৰা প্ৰতিবছৰে এই পূজা অনুষ্ঠিত হৈ আহিছে। এইবাৰ ২৪ সংখ্যক মনসা পূজা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। বুধবাৰৰ পৰা আৰম্ভ হোৱা এই পূজাৰ দ্বিতীয় দিনা বৃহস্পতিবাৰে হোম-যজ্ঞ অনুষ্ঠিত হয়। ইয়াত বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে। পুৱাৰে পৰা বন্তি প্ৰজ্বলন, আয়তিৰ পানীটোলা আদি কাৰ্যসূচী অনুষ্ঠিত হয়। এই পূজাই অঞ্চলটোৰ ধৰ্মীয় ঐতিহ্য সামাজিক সংহতি বৃদ্ধিত সহায় কৰিছে।
গোৱৰাদলত পূৱ নামবৰভাগ মণ্ডল কংগ্ৰেছৰ কৰ্মীসভা
Goboradol, Assam:নলবাৰী জিলাৰ গোৱৰাদলত পূৱ নামবৰভাগ মণ্ডলৰ কংগ্ৰেছ দলৰ কৰ্মীসভা অনুষ্ঠিত হয়। এই সভাত বহুসংখ্যক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে। সভাখনত দলৰ কাৰ্যসূচী আৰু ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে আলোচনা কৰা হয়।