icon-pinewzicon-zee
PINEWZ
become creator
Become a News Creator

Your local stories, Your voice

Follow us on
Download App fromplay-storeapp-store
Advertisement
Pinewz
781346
RBRajesh BaishyaFollow24 Sept 2025, 08:22 am

ওৰেনিশা সাৰে থাকিল জুবিন দাৰ এইসকল অনুৰাগী !

Barama, Assam:ওৰেনিশা সাৰে থাকিল জুবিন দাৰ এইসকল অনুৰাগী ! বৰমাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তলৰ বাইপাছৰ দেৱালত নিশাই বৃহৎ জুবিনৰ ছবি আকিলে অনুৰাগী চিত্ৰশিল্পীয়ে ! যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক হেৰুৱাই এতিয়াও যেন সকলোফালে নিস্তব্ধতা! কোনেৱে যদি গানেৰে সোৱৰিছে জুবিনক, আন কোনোৱে আকৌ ৰং তুলিকাৰে সোৱৰিছে সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গক । বৰমাত ওৰেনিশা চলি থাকিল জুবিনৰ গান, এফালে চিত্ৰশিল্পীৰ ৰং - তুলিকা ! বিভিন্ন কামত ব্যস্ত থকা এইসকল যুৱক জুবিনৰ অনুৰাগী , ১২ ফুট দৈৰ্ঘৰ আৰু ১০ ফুট প্ৰস্থৰ বৃহৎ আকাৰৰ ছবিখন সম্পূৰ্ণ কৰিলে এইসকল যুৱকে। কোনো কাৰণতেই জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ যেন এতিয়াও মানি ল'ব পৰানাই এইসকল অনুৰাগীয়ে !
0
0
Report
Pinewz
781346
RBRajesh BaishyaFollow3 Aug 2024, 09:49 am

বাক্সাৰ বৰমাত বিধায়কৰ ঘৰত গুলীচালনাৰ সন্দেহ: ভূপেন বড়োৰ প্ৰতিক্ৰিয়া

Barama, Assam:

বাক্সাৰ বৰমাত বিধায়ক ভূপেন বড়োৰ ঘৰত যোৱা নিশা গুলীচালনাৰ সন্দেহজনক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। এই ঘটনাক লৈ বিধায়কগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বৰমাত উপস্থিত হৈ তেওঁ সাংবাদিকৰ আগত মন্তব্য কৰে যে এই ধৰণৰ ঘটনাই স্থানীয় জনসাধাৰণৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। তেওঁ আৰক্ষীক ঘটনাটোৰ সবিশেষ তদন্ত কৰি দোষীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। বিধায়কগৰাকীয়ে লগতে কয় যে এনে ঘটনাই অঞ্চলটোৰ শান্তি-শৃংখলা বিঘ্নিত কৰাৰ প্ৰয়াস কৰিছে আৰু ইয়াৰ বিৰুদ্ধে সকলোৱে সজাগ হ'ব লাগিব।

0
0
Report
Advertisement
Pinewz
781346
RBRajesh BaishyaFollow25 Jul 2024, 10:49 am

ৰাজ্যপাল কাটাৰীয়াৰ বৰমাৰ শ্ৰী গণেশ ফুড ইণ্ডাষ্ট্ৰী পৰিদৰ্শন

Barama, Assam:

অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই আজি বৰমাত অৱস্থিত শ্ৰী গণেশ ফুড ইণ্ডাষ্ট্ৰী পৰিদৰ্শন কৰে। এই ভ্ৰমণৰ সময়ত তেওঁ উদ্যোগটোৰ উৎপাদন প্ৰক্ৰিয়া আৰু সুবিধাসমূহৰ বিষয়ে বিস্তৃত ধাৰণা লাভ কৰে। তেওঁ লগতে উদ্যোগটোৰ কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ কাম-কাজৰ অভিজ্ঞতাৰ বিষয়ে জানিবলৈ চেষ্টা কৰে লগতে উদ্যোগটোৰ মালিকসকলক স্থানীয় সম্পদৰ সৰ্বোত্তম ব্যৱহাৰ কৰি উৎপাদন বৃদ্ধি কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। এই পৰিদৰ্শনে অসমৰ স্থানীয় শিল্প খণ্ডৰ বিকাশৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰে।

0
0
Report
Advertisement
Back to top