781306
পশ্চিম নলবাৰীৰ সাহপুৰ ৰাজঘাটত শ্ৰী শ্ৰী মনসা পূজাত ভক্তৰ সমাগম
Ghilazari, Assam:নলবাৰী জিলাৰ সাহপুৰ ৰাজঘাটত নাগ পঞ্চমী উপলক্ষে তিনিদিনীয়া শ্ৰী শ্ৰী মনসা পূজা অনুষ্ঠিত হৈছে। ২০০১ চনৰ পৰা প্ৰতিবছৰে এই পূজা অনুষ্ঠিত হৈ আহিছে। এইবাৰ ২৪ সংখ্যক মনসা পূজা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। বুধবাৰৰ পৰা আৰম্ভ হোৱা এই পূজাৰ দ্বিতীয় দিনা বৃহস্পতিবাৰে হোম-যজ্ঞ অনুষ্ঠিত হয়। ইয়াত বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে। পুৱাৰে পৰা বন্তি প্ৰজ্বলন, আয়তিৰ পানীটোলা আদি কাৰ্যসূচী অনুষ্ঠিত হয়। এই পূজাই অঞ্চলটোৰ ধৰ্মীয় ঐতিহ্য সামাজিক সংহতি বৃদ্ধিত সহায় কৰিছে।
0
0
Report
No more articles to load
