ধুবুৰী জিলাৰ শালকোচাত বিলাসী বলেৰো বাহন সহ দুটা চোৰাং গৰু জব্দ
Bahalpur, Assam:এইবাৰ বিলাসী বাহনেৰে চোৰাং গৰু সৰবৰাহৰ ন-ন কৌশল সৰবৰাহকাৰীৰ।চাপৰৰ শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত সন্তোষপুৰত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে এখন বিলাসী বলেৰো বাহন সহ দুটা চোৰাং গৰু।এক গোপন সূত্ৰৰ পমখেদি শালকোচা আৰক্ষীয়ে নিশা চলাই এই অভিযান।আৰক্ষী অহাৰ উমান পাই বিলাসী বলেৰো বাহন আৰু চোৰাং গৰু এৰি পলায়ন সৰবৰাহকাৰীৰ।জব্দকৃত বাহনখনৰ নম্বৰ হৈছে AS 01 AN 5253।ঘটনা সন্দৰ্ভত শালকোচা আৰক্ষীৰ তদন্ত অব্যাহত।চাপৰ ঘুনিমাৰীত গাড়ীৰ হেণ্ডিমেন নিখোঁজ: পৰিয়ালৰ আকুল আবেদন
Bahalpur, Assam:গাড়ীৰ হেণ্ডিমেন কৰিবলৈ গৈ নিৰুদ্দেশ হ'ল চাপৰৰ ঘুনিমাৰীৰ এজন লোক।যোৱা শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে ঘুনিমাৰীৰ আনোৱাৰ ।উল্লেখ্য যে যোৱা শনিবাৰ দিনা এখন ট্ৰাকৰ হেণ্ডিমেন কৰিবলৈ ঘৰৰ পৰা ওলাই যায়, কিন্তু ব্যক্তিজনে ঘৰত অসুবিধা হোৱা বুলি চালকজনক কয় গুৱাহাটীৰ লখৰাত গাড়ীৰ পৰা নামি যায়।তাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ পৰে,পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰে যদিও কোনো সুংসূত্ৰ পোৱা নাই।অৱশেষত সংবাদ মাধ্যমৰ জৰিয়তে 8638595834 নম্বৰত নাইবা নিকটবৰ্তী থানাত খবৰ দিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাই।
চাপৰত নামাজৰ সময়ত চিকিৎসকৰ চুপাৰ স্পেলেণ্ডাৰ বাইক চুৰি
Bahalpur, Assam:ধুবুৰী জিলাৰ চাপৰত বাইক চুৰিৰ ঘটনা অব্যাহত আছে। শুক্ৰবাৰে দুপৰীয়া কাজিপাৰাৰ পৰা এখন চুপাৰ স্পেলেণ্ডাৰ মটৰ চাইকেল চুৰি হয়। হোমিওপেথিক চিকিৎসক আৰিফুল হুছেইনে নিজৰ AS 17H 2953 নম্বৰৰ বাইকখন চাপৰ হোমিও ভৱনৰ সন্মুখত ৰাখি জুম্মাৰ নামাজ আদায় কৰিবলৈ গৈছিল। ঘূৰি আহি বাইকখন নেদেখি তেওঁ হতভম্ব হৈ পৰে। ওচৰৰে এখন দোকানৰ চিচিটিভি ফুটেজত দেখা গ'ল যে ১২.৪০ মান বজাত, মোক্তাদিৰ সকলে নামাজ আদায় কৰি থকাৰ সময়তে চোৰে বাইকখন চুৰি কৰিছে। এই ঘটনাই চাপৰ অঞ্চলত বাইক চুৰিৰ বৰ্ধিত প্ৰৱণতাক প্ৰতিফলিত কৰিছে।
