কাজিৰঙাত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত পহু
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক মুখ্যমন্ত্ৰীৰ ২০খন ৰাবাৰ নাও অৰ্পণ
আজি মুখ্যমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক আনুষ্ঠানিকভাৱে ২০খন ৰাবাৰ নাও অৰ্পণ কৰে। বাগৰি বনাঞ্চলত অনুষ্ঠিত কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে কয় যে এই নাওবোৰে বানৰ সময়ত যথেষ্ট সহায় কৰিব। প্ৰায় এঘণ্টাৰ ভিতৰত বিশ্বনাথ পাব পৰা এই শক্তিশালী নাওবোৰে বানদুৰ্গত বন্যপ্ৰাণী উদ্ধাৰতো সহায় কৰিব। তেওঁ লগতে উল্লেখ কৰে যে বিগত বানত স্থানীয় লোক, বন বিভাগ আৰু প্ৰশাসনৰ বিশেষ প্ৰচেষ্টাৰ বাবে পথ দুৰ্ঘটনাত বন্যজন্তুৰ মৃত্যুৰ সংখ্যা অতি কম আছিল।
স্বাধীনতাৰ ৭৭ বছৰৰ পাছতো বিদ্যুৎহীন কাজিৰঙাৰ শিলডুবি গাঁও
স্বাধীনতাৰ ৭৭ বছৰৰ পাছতো কাজিৰঙাৰ এখন গাঁও পৰাধীন। বোকাখাত সমষ্টিৰ পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ ১ নং শিলডুবিত আজিও বিদ্যুৎ সংযোগ নাই। পৰ্যটনৰ সময়ত দেশী-বিদেশী পৰ্যটকেৰে মুখৰিত গাঁওখনৰ প্ৰায় ৫০টা পৰিয়াল বিদ্যুতৰ পৰা বঞ্চিত। পৰ্যটক আহিলে গাঁওবাসীয়ে লাজ পায়। ছাত্ৰ-ছাত্ৰীসকলে মমবাতিৰ পোহৰত অধ্যয়ন কৰে। উদ্যানৰ কাষৰীয়া অঞ্চলত সন্ধ্যাৰ পৰা বন্যজীৱৰ আহ-যাহ আৰম্ভ হয়। বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাক বাৰম্বাৰ আবেদন কৰিও ৰাইজে কোনো সুফল নাপালে।
উত্তপ্ত গৰমৰ পৰা পৰিত্ৰাণৰ বাবে আহক কাজিৰঙালৈ
উত্তপ্ত গৰমে সকলোকে পীড়িত কৰিছে। গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনিও আহক কাজিৰঙালৈ। কাজিৰঙা-কাৰ্বি আংলং সীমান্তৰ হাতীপাথৰৰ নয়নাভিৰাম পৰিৱেশে আপ্লুত কৰিব আপোনাক। কাৰ্বি পাহাৰৰ পৰা নামি অহা কহঁৰা নদীৰ মাজে মাজে থকা শিলাখণ্ড আৰু নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যই বহুজনক মুগ্ধ কৰিছে। গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি শীতল ঠাইলৈ যোৱাৰ বিপৰীতে আপুনিও আহিব পাৰে কাজিৰঙাৰ এই শোভা উপভোগ কৰিবলৈ। স্থানীয় লোকৰ মতে ঠাইখিনিৰ সৌন্দৰ্য্যবৃদ্ধি কৰিলে কাজিৰঙালৈ অহা পৰ্যটকৰ বাবে এই স্থানটো আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিব।
টিংখাংৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভ্ৰমণ: প্ৰকৃতি সুৰক্ষাৰ বাৰ্তা
Growth from Grassroots ন্যাস আৰু বিধায়কৰ শৈক্ষিক উপদেষ্টা সমিতিৰ উদ্যোগত টিংখাং বিধান সভা সমষ্টিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গ্ৰীষ্মকালীন বন্ধত "অম্বেষণ" নামৰ শৈক্ষিক কৰ্মসূচী অনুষ্ঠিত হয়। কেবিনেট মন্ত্ৰী তথা টিংখাং সমষ্টিৰ বিধায়ক বিমল বড়াৰ পৃষ্ঠপোষকতাত এই কাৰ্যসূচী আয়োজন কৰা হয়। কৰ্মসূচীৰ অংশ হিচাপে শিক্ষাৰ্থীসকলে টিংখাংৰ পৰা গুৱাহাটীলৈ শিক্ষামূলক ভ্ৰমণ কৰে। দেওবাৰে কাজিৰঙাত উপস্থিত হৈ তেওঁলোকে প্ৰকৃতি সুৰক্ষাৰ শ্লগান দিয়া পৰিলক্ষিত হয়।
নিৰ্বাচনী প্ৰতিশ্ৰুতিতে সীমাবদ্ধ থাকিল দুবাৰকৈ উদ্ধোধন কৰা বৃহৎ কাজিৰঙা পানী যোগান আঁচনি
নিৰ্বাচনী প্ৰতিশ্ৰুতিতে সীমাবদ্ধ থাকিল দুবাৰকৈ উদ্ধোধন কৰা বৃহৎ কাজিৰঙা পানী যোগান আঁচনি৷উৎকত গৰমৰ এই সময়ছোৱাত এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগিয়া হোৱা অঞ্চলটোৰ অধিকাংশ লোকে ব্যৱহাৰ কৰিব লগিয়া হৈছে নদীৰ পানী ৷যাৰ পৰিপেক্ষিতত হাতে হাতে বাল্টি-কলহ লৈ প্ৰকল্পটোৰ চৌপাশত প্ৰতিবাদ সাব্যস্ত গাওঁৰ লোকসকলৰ ।প্ৰদৰ্শনীৰ বিপৰীতে প্ৰকল্পটো ভাঙি লৈ যোৱাৰ আহ্বান ভুক্তভোগী ৰাইজৰ