Back
Golaghat785609blurImage

স্বাধীনতাৰ ৭৭ বছৰৰ পাছতো বিদ্যুৎহীন কাজিৰঙাৰ শিলডুবি গাঁও

PIUSH DAS
Aug 11, 2024 04:00:16
No.2 Sildubi, Assam

স্বাধীনতাৰ ৭৭ বছৰৰ পাছতো কাজিৰঙাৰ এখন গাঁও পৰাধীন। বোকাখাত সমষ্টিৰ পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ ১ নং শিলডুবিত আজিও বিদ্যুৎ সংযোগ নাই। পৰ্যটনৰ সময়ত দেশী-বিদেশী পৰ্যটকেৰে মুখৰিত গাঁওখনৰ প্ৰায় ৫০টা পৰিয়াল বিদ্যুতৰ পৰা বঞ্চিত। পৰ্যটক আহিলে গাঁওবাসীয়ে লাজ পায়। ছাত্ৰ-ছাত্ৰীসকলে মমবাতিৰ পোহৰত অধ্যয়ন কৰে। উদ্যানৰ কাষৰীয়া অঞ্চলত সন্ধ্যাৰ পৰা বন্যজীৱৰ আহ-যাহ আৰম্ভ হয়। বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাক বাৰম্বাৰ আবেদন কৰিও ৰাইজে কোনো সুফল নাপালে।

0
Report

For breaking news and live news updates, like us on Facebook or follow us on Twitter and YouTube . Read more on Latest News on Pinewz.com